Family unrecorded

Amaggunju

Uganda

আমাগুঞ্জু (ইংৰাজী: Amaggunju) হ’ল উগাণ্ডাৰ বৃহত্তম জনগোষ্ঠী বাগাণ্ডাসকলৰ এক পৰম্পৰাগত লোকনৃত্য। এই ৰাজকীয় নৃত্যটো ৰাজ্যাভিষেক, বিবাহ আৰু অন্যান্য সাংস্কৃতিক অনুষ্ঠানৰ দৰে গুৰুত্বপূৰ্ণ ক্ষণত পৰিৱেশন কৰা হয়।

No licensed photograph yet
Four in five rooms open without one. Add a photograph with a declared licence and your credit sits under it, permanently.
Archival typographic plate · seeded for Amaggunju+ Add licensed photo →
Understand in 30 Seconds · In Plain Words

Quick guide to Amaggunju

Sourced or Silent · CC BY-SA 4.0

আমাগুঞ্জু (ইংৰাজী: Amaggunju) হ’ল উগাণ্ডাৰ বৃহত্তম জনগোষ্ঠী বাগাণ্ডাসকলৰ এক পৰম্পৰাগত লোকনৃত্য।

01 · What it is
Living Tradition

Documented cultural tradition on record; family classification awaits an editor.

02 · Where & name
Uganda

Placed on record in Uganda.

03 · How it is doing
□□□□ (Not yet assessed)

Documented in open cultural records, but no cited field assessment of its current vitality has been added here yet.

04 · Proof & reuse
2 cited sources

Every claim links to a public record below. Free to quote, teach, and share under CC BY-SA 4.0.

Chapter Takeaways
ইতিহাসসেই সময়ত ৰাজ্যখন কোনো মহিলাই শাসন কৰাটো পৰম্পৰা বিৰোধী বুলি গণ্য কৰা হৈছিল, সেয়েহে বেজ আৰু পৰম্পৰাগত কবিৰাজসকলে কোনগৰাকী পত্নীৰ গৰ্ভত পুত্ৰ সন্তান আছে তাক নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰিছিল।
নৃত্যৰ খোজ আৰু প্ৰদৰ্শনএই নৃত্য এদল নৃত্যশিল্পীয়ে ঢুলীয়াসকলক কেন্দ্ৰ কৰি বৃত্তাকাৰ বিন্যাসত পৰিৱেশন কৰে।
বাদ্যযন্ত্ৰএই নৃত্যৰ সৈতে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ সংগত কৰা হয়, যাৰ ভিতৰত আছে সৰু ঢোল, বিভিন্ন স্বৰৰ ডাঙৰ ঢোল, দীঘলীয়া ঢোল আৰু চেকাৰ।
গুৰুত্বএই নৃত্য বাগাণ্ডা সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ দিশ আৰু ই এক ৰাজকীয় নৃত্য হিচাপে বিশেষ মৰ্যাদা লাভ কৰিছে।
Common Questions Answered on Record
What is Amaggunju in plain words?

আমাগুঞ্জু (ইংৰাজী: Amaggunju) হ’ল উগাণ্ডাৰ বৃহত্তম জনগোষ্ঠী বাগাণ্ডাসকলৰ এক পৰম্পৰাগত লোকনৃত্য।

Where is Amaggunju practised or documented?

Sources on this page place Amaggunju in Uganda.

What is the current condition of Amaggunju today?

□□□□ (Not yet assessed): Documented in open cultural records, but no cited field assessment of its current vitality has been added here yet.

How do I cite or share this Amaggunju entry?

Cite as: "Amaggunju." folkroom, https://folkroom.org/art-forms/amaggunju, text CC BY-SA, with attribution.

Share or cite this roomNo tracking · CC BY-SA 4.0
WhatsAppXLinkedInRedditFacebook

The tradition & historical record

3 min read · 2 sources

আমাগুঞ্জু (ইংৰাজী: Amaggunju) হ’ল উগাণ্ডাৰ বৃহত্তম জনগোষ্ঠী বাগাণ্ডাসকলৰ এক পৰম্পৰাগত লোকনৃত্য। এই ৰাজকীয় নৃত্যটো ৰাজ্যাভিষেক, বিবাহ আৰু অন্যান্য সাংস্কৃতিক অনুষ্ঠানৰ দৰে গুৰুত্বপূৰ্ণ ক্ষণত পৰিৱেশন কৰা হয়। এই নৃত্যৰ উল্লেখযোগ্য বৈশিষ্ট্য হ’ল ইয়াৰ স্বকীয় ছন্দময় ঢোলৰ শব্দ আৰু শক্তিশালী সঞ্চালন, যি পুৰুষ আৰু মহিলা উভয় নৃত্যশিল্পীৰদ্বাৰাই পৰিৱেশন কৰা হয়। আমাগুঞ্জুৰ উৎপত্তি বাগাণ্ডা লোকসকলৰ মাজত হৈছিল আৰু ইয়াৰ যথেষ্ট গুৰুত্ব আছে কাৰণ ইয়াৰ বিকাশ প্ৰথমতে ৰাজপ্ৰাসাদত হৈছিল। এই নৃত্যৰ ইতিহাস ১৫৮২ চনত ৰজা মূলণ্ডোৰ শাসনকালৰপৰাই বিচাৰি পোৱা যায়। তেওঁ কোনো উত্তৰাধিকাৰী নোহোৱাকৈ মৃত্যুবৰণ কৰিছিল, যদিও তেওঁৰ মৃত্যুৰ সময়ত কেইবাগৰাকীও পত্নী অন্তঃসত্ত্বা আছিল। 1

ইতিহাস

সেই সময়ত ৰাজ্যখন কোনো মহিলাই শাসন কৰাটো পৰম্পৰা বিৰোধী বুলি গণ্য কৰা হৈছিল, সেয়েহে বেজ আৰু পৰম্পৰাগত কবিৰাজসকলে কোনগৰাকী পত্নীৰ গৰ্ভত পুত্ৰ সন্তান আছে তাক নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰিছিল। ফলস্বৰূপে, পুত্ৰ সন্তান জন্ম দিব বুলি আশা কৰা নামুলণ্ডো নামৰ এগৰাকী পত্নীয়ে সিংহাসনত আৰোহণ কৰে। ৰাইজৰ ধাৰণা আছিল যে তেওঁ নহয়, বৰঞ্চ তেওঁৰ জন্ম নোহোৱা পুত্ৰইহে শাসন চলাইছে। যেতিয়া ৰাজকুমাৰজনৰ জন্ম হ’ল, তেওঁ সিংহাসনত বহিয়েই নিজৰ শাসন আৰম্ভ কৰিছিল। বাগাণ্ডা লোকসকলে বিশ্বাস কৰে যে ৰজাই চকুলো টুকিব নালাগে, কাৰণ ই ৰাজ্যলৈ অভিশাপ আৰু দুৰ্ভাগ্য কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়। সেয়েহে, শিশু ৰাজকুমাৰজনক সুখী কৰি ৰাখিবলৈ আৰু তেওঁ যাতে কান্দিবলৈ নাপায় তাৰ বাবে ৰাজকুমাৰৰ মোমায়েক আৰু পেহীয়েকসকলে ভৰিত জুনুকা পিন্ধি আনন্দময় নৃত্যত মগ্ন হৈছিল। এই নৃত্যটো ‘আমাগুঞ্জু’ নৃত্য হিচাপে পৰিচিত আছিল। ই মূলতঃ কেৱল ‘অবুতিকো’ (কাঠফুলা) গোষ্ঠীৰ লোকসকলৰ মাজতে সীমাবদ্ধ আছিল আৰু কেৱল ৰাজপ্ৰাসাদৰ ভিতৰতে পৰিৱেশন কৰা হৈছিল। বৰ্তমান সময়ত এই নৃত্য অধিক ব্যাপক হৈ পৰিছে আৰু বহুতো সাধাৰণ লোকেও ইয়াত অংশগ্ৰহণ কৰা দেখা যায়। 1

নৃত্যৰ খোজ আৰু প্ৰদৰ্শন

এই নৃত্য এদল নৃত্যশিল্পীয়ে ঢুলীয়াসকলক কেন্দ্ৰ কৰি বৃত্তাকাৰ বিন্যাসত পৰিৱেশন কৰে। এই নৃত্যৰ বৈশিষ্ট্য হ’ল ইয়াৰ শক্তিশালী আৰু ছন্দময় সঞ্চালন যিবোৰ পুৰুষ আৰু মহিলা উভয় নৃত্যশিল্পীয়ে নিখুঁতভাৱে সমন্বয় কৰি নাচে। তেওঁলোকে ঢোলৰ তালৰ সৈতে নিজৰ ভৰিৰ খোজ আৰু হাতৰ ভঙ্গীসমূহৰ মিল ৰাখে। 1

বাদ্যযন্ত্ৰ

এই নৃত্যৰ সৈতে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ সংগত কৰা হয়, যাৰ ভিতৰত আছে সৰু ঢোল, বিভিন্ন স্বৰৰ ডাঙৰ ঢোল, দীঘলীয়া ঢোল আৰু চেকাৰ। নৃত্যশিল্পীসকলৰ সঞ্চালনৰ পৰিপূৰক হিচাপে ঢোলবোৰ এক সমন্বিত ছন্দময় আৰ্হিত বজোৱা হয়। সংগীতত এক বিশেষ ধৰণৰ শব্দ যোগ কৰিবলৈ চেকাৰসমূহ ব্যৱহাৰ কৰা হয়। 1

গুৰুত্ব

এই নৃত্য বাগাণ্ডা সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ দিশ আৰু ই এক ৰাজকীয় নৃত্য হিচাপে বিশেষ মৰ্যাদা লাভ কৰিছে। এই পৰম্পৰাগত নৃত্যটো ৰাজ্যাভিষেক আৰু বিবাহৰ দৰে গুৰুত্বপূৰ্ণ অনুষ্ঠানত পৰিৱেশন কৰা হয় য’ত ই আনুষ্ঠানিক আৰু মনোৰঞ্জনমূলক—উভয় উদ্দেশ্য পূৰণ কৰে। ইয়াৰ প্ৰাণৱন্ত সঞ্চালন আৰু আকৰ্ষণীয় ঢোলবাদনৰ সৈতে এই ৰাজকীয় নৃত্যই গুৰুত্বপূৰ্ণ সাংস্কৃতিক অনুষ্ঠানবোৰত কেন্দ্ৰীয় স্থান দখল কৰে। আমাগুঞ্জুৱে বুগাণ্ডাৰ লোকসকলৰ মাজত ৰাজকীয় ধাৰাবাহিকতা, একতা আৰু সাংস্কৃতিক পৰিচয়ক সূচায়। 1

The text above is adapted from the Wikipedia article “আমাগুঞ্জু”, available under the Creative Commons Attribution-ShareAlike 4.0 licence. 1

Amaggunju is Ugandan traditional dance, according to the structured record cited below. This entry was generated automatically from that record and has not yet been reviewed by a person familiar with the tradition. 2

No recording linked yet — know one? Point at it →
Sources on Record
Sourced or Silent · Still Open

Questions awaiting a cited source

+ Answer with a source →
How many people perform it today?
When is it first attested, and by whom?
What does it look like? No licensed photograph yet.