Family unrecorded

Baith's traditions

India

খ্ৰীং খ্ৰীং বাইথ' পূজা হৈছে সোনোৱাল কছাৰীৰ লোক-সমাজত প্ৰচলিত এক কৃষিভিত্তিক ধৰ্মীয় উৎসৱ তথা সোনোৱাল কছাৰী জনগোষ্ঠীৰ নৱবৰ্ষৰ আৰম্ভনি উৎসৱ।

No licensed photograph yet
Four in five rooms open without one. Add a photograph with a declared licence and your credit sits under it, permanently.
Archival typographic plate · seeded for Baith's traditions+ Add licensed photo →
Understand in 30 Seconds · In Plain Words

Quick guide to Baith's traditions

Sourced or Silent · CC BY-SA 4.0

খ্ৰীং খ্ৰীং বাইথ' পূজা হৈছে সোনোৱাল কছাৰীৰ লোক-সমাজত প্ৰচলিত এক কৃষিভিত্তিক ধৰ্মীয় উৎসৱ তথা সোনোৱাল কছাৰী জনগোষ্ঠীৰ নৱবৰ্ষৰ আৰম্ভনি উৎসৱ।

01 · What it is
Living Tradition

Documented cultural tradition on record; family classification awaits an editor.

02 · Where & name
India

Placed on record in India.

03 · How it is doing
□□□□ (Not yet assessed)

Documented in open cultural records, but no cited field assessment of its current vitality has been added here yet.

04 · Proof & reuse
2 cited sources

Every claim links to a public record below. Free to quote, teach, and share under CC BY-SA 4.0.

Chapter Takeaways
পৌৰাণিক প্ৰথাঅন্যান্য সমগোত্ৰীয় সম্প্ৰদায়ৰ সমন্বিতে সোণোৱালসকলে প্ৰাচীন কালৰে পৰা পালন কৰি অহা ধৰ্মটোৰ নাম হৈছে ‘কিৰাত’ বা ‘কৈৰাত’।
পৌৰাণিক আখ্যানএসময়ত ভগৱান শিৱই 'মাধপুৰুষ' আৰু পত্নী পাৰ্বতীয়ে 'সুৰেশ্বৰী' নাম লৈ এখন পৰ্বতৰ দাঁতিত এটা পঁজা সাজি বসবাস কৰি আছিল।
বিৱৰণআধ্যাত্মিকতাভিত্তিক এই লেক-পৰম্পৰা তিনিচুকীয়া জিলাৰ ডাঙৰিৰ বৰপথাৰ-নপথাৰ গাঁৱত অৱস্থিত তেওঁলোকৰ স্থায়ী মন্দিৰ প্ৰাঙ্গণত প্ৰতি বছৰে মহা-সমাৰোহেৰে অনুষ্ঠিত হয়।
সোনোৱালসকলৰ হুঁচৰিসোনোৱালসকলে হুঁচৰি গাওঁতে কোনোকোনো ঠাইত ন-টা আৰু কোনোকোনো ঠাইত তেৰটা গাঁঠি থকা একোডাল বাঁহ চাকবাঁহেৰে (তিনিটা খুটিৰ সমষ্টিগত এটি খুটি) নিৰ্মিত খুটিৰ ওপৰত স্থাপন কৰি হুঁচৰি গায়।
Common Questions Answered on Record
What is Baith's traditions in plain words?

খ্ৰীং খ্ৰীং বাইথ' পূজা হৈছে সোনোৱাল কছাৰীৰ লোক-সমাজত প্ৰচলিত এক কৃষিভিত্তিক ধৰ্মীয় উৎসৱ তথা সোনোৱাল কছাৰী জনগোষ্ঠীৰ নৱবৰ্ষৰ আৰম্ভনি উৎসৱ।

Where is Baith's traditions practised or documented?

Sources on this page place Baith's traditions in India.

What is the current condition of Baith's traditions today?

□□□□ (Not yet assessed): Documented in open cultural records, but no cited field assessment of its current vitality has been added here yet.

How do I cite or share this Baith's traditions entry?

Cite as: "Baith's traditions." folkroom, https://folkroom.org/art-forms/baith-s-traditions, text CC BY-SA, with attribution.

Share or cite this roomNo tracking · CC BY-SA 4.0
WhatsAppXLinkedInRedditFacebook

The tradition & historical record

6 min read · 2 sources

খ্ৰীং খ্ৰীং বাইথ' পূজা হৈছে সোনোৱাল কছাৰীৰ লোক-সমাজত প্ৰচলিত এক কৃষিভিত্তিক ধৰ্মীয় উৎসৱ তথা সোনোৱাল কছাৰী জনগোষ্ঠীৰ নৱবৰ্ষৰ আৰম্ভনি উৎসৱ। এই উৎসৱ বাইথ' থান নামৰ পৰম্পৰাগত দেউশালত অনুষ্ঠিত কৰা হয় আৰু এই উৎসৱত লগত হাইদাং নামৰ এবিধ গীত গোৱা হয়। মূলতঃ কৃষিভিত্তিক এই বাৰ্ষিক পৰম্পৰা প্ৰতিবছৰে শুক্লপক্ষৰ দ্বিতীয় দেওবাৰে দেও নমোৱা, সোমবাৰে মূল পূজা,মঙলবাৰে বিহু নমোৱা আৰু বুধবাৰে বাঘদেউ পূজা কৰি মুঠ চাৰিদিনীয়া পূজাৰ আয়োজনেৰে সামৰণি মৰা হয়। 1

পৌৰাণিক প্ৰথা

অন্যান্য সমগোত্ৰীয় সম্প্ৰদায়ৰ সমন্বিতে সোণোৱালসকলে প্ৰাচীন কালৰে পৰা পালন কৰি অহা ধৰ্মটোৰ নাম হৈছে ‘কিৰাত’ বা ‘কৈৰাত’। এওঁলোকৰ লোক-সমাজ জীৱন-প্ৰণালীৰ সাংস্কৃতিক ধাৰা আৰু লোকাচাৰসমূহ অধিকাংশই কিৰাত অৰ্থাৎ শিৱকেন্দ্ৰিক। এওঁলোকৰ জীৱন-পদ্ধতি ত্ৰি-মুখী, ত্ৰি-ধাৰা সমন্বিত - জাগতিক, মানসিক আৰু আধ্যাত্মিক (আধিভৌতিক-আধিদৈৱিক-আধ্যাত্মিক)। জনগোষ্ঠীটোৰ মূল উপাস্যদেৱতা হ'ল 'খ্ৰীং খ্ৰীং বাইথ'। ইয়াত 'খ্ৰীং' শব্দই পৃথিৱীৰ উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ - এই চাৰিশ্ৰেণী জীৱ অৰ্থাৎ খ - উৰণ + ৰ - বুৰণ + ঈ - গজন + ঙ - ভ্ৰমণক প্ৰতিনিধিত্ব কৰে আৰু এই চাৰিশ্ৰেণী জীৱৰ ত্ৰাণকৰ্তা 'বাইথ' দেৱতাৰ উদ্দেশ্যে সমস্ত জীৱকুলৰ কল্যাণাৰ্থে সম্পাদন কৰা উপাসনা পদ্ধতিটোক 'বাইথ' পূজা' বোলা হয়। সোণোৱালসকলৰ এই বাইথ' 'শিৱ' বা 'কিৰাত'ৰেই নামান্তৰ। এই ধৰ্মীয় আদৰ্শৰ প্ৰধান উপাস্য দেৱতা 'কিৰাত' বা 'শিৱ' হোৱাৰ বাবেই এওঁলোকৰ ধৰ্মটোৰো নাম হয় ‘কিৰাত’ বা ‘কৈৰাত’। কিৰাত দেৱতাক বড়ো ভাষাত 'বাথৌ' বুলি কোৱা হয় আৰু সেই বড়োমূলীয় জনগোষ্ঠীৰে অন্যতম ঠাল হোৱাৰ সূত্ৰে অপভ্ৰংশৰূপত সোণোৱালসকলে ইয়াক 'বাইথ' বুলি উচ্চাৰণ কৰে। এই বাইথ'উপাসনাত পৰিৱেশিত তেওঁলোকৰ প্ৰাচীনতম স্তুতিগীত ‘হায়দাং গীত’ত ‘হা ইয়হ নমো নাৰায়ণ’....বুলি নাৰায়ণৰূপী ব্ৰহ্মাক প্ৰণাম জনাই সৃষ্টিতত্ত্বৰ ৰহস্য ব্যাখ্যা কৰা হয়। তেওঁলোকে বিশ্বাস কৰে যে পৰমাত্মাৰ আদি ৰূপ হ’ল ‘নাৰায়ণ’। এই নাৰায়ণক আৰোপ কৰা হৈছে 'শিৱ'ত। শিৱ সৃষ্টিৰ দেৱতা, আৰু সেয়ে, সৃষ্টিৰ প্ৰতীক 'শিৱলিংগ'ক পৰমব্ৰহ্মৰ ৰূপ জ্ঞান কৰি তেওঁলোকে ইয়াক উপাসনা কৰে। এই উপাসনা শিৱৰাত্ৰিৰ পাছৰ দ্বিতীয় সোমবাৰক মুখ্য কৰি চাৰিদিনীয়াকৈ শিৱলিংগৰূপে প্ৰতিষ্ঠা কৰা ক'ল-ডিল আকাৰৰ গন্ধসৰৈ গছৰ খুটাবিশিষ্ট তেওঁলোকৰ মূল মন্দিৰ প্ৰাংগনত ব্যাপক মন্ত্ৰোচ্চাৰণ, বন্তি প্ৰজ্জ্বলন আৰু গীত-বাদ্য-নৃত্যৰ সমন্বয়ত মহাসমাৰোহেৰে সম্পাদিত হয়। 1

পৌৰাণিক আখ্যান

এসময়ত ভগৱান শিৱই 'মাধপুৰুষ' আৰু পত্নী পাৰ্বতীয়ে 'সুৰেশ্বৰী' নাম লৈ এখন পৰ্বতৰ দাঁতিত এটা পঁজা সাজি বসবাস কৰি আছিল। এদিন মাধপুৰুষে ওজা গৰখীয়া ৰূপ ধৰি আন গৰখীয়াসকলৰ কাষত উপস্থিত হ'ল আৰু জামু গছৰ গুৰিত বহি গৰখীয়াসকলক গৰু-গাইসমূহ নিৰাপদে থাকিবলৈ গন্ধসৰৈ গছৰ গুৰিত ফৰিং বলি দি পূজা কৰিবলৈ উপদেশ দিয়ে। সেইমতে গৰখীয়াহঁতে পাল পাতি দৈনিক একোজনে ফৰিং বিচাৰি আনে আৰু ওজাৰ উপদেশমতে উলুখেৰৰ পাতেৰে সেই ফৰিং বলি দি পূজা কৰিবলৈ আৰম্ভ কৰাত গৰু-গাইসমূহ নিৰাপদ অৱস্থালৈ আহিল। এনেদৰে দৈনিক গৰখীয়াহঁতে গন্ধসৰৈ গছৰ গুৰিত গীত-বাদ্য-নৃত্যৰে পূূজা সমাপন কৰাৰ অন্তত বাদ্য সমন্বিতে পূজাৰ সা-সঁজুলিবোৰ জামু গছৰ গুৰিত বহি থকা ওজা গৰখীয়াা মাধপুৰুষৰ কাষত থয়হি। এদিন হুগ্ৰাল বংশৰ ডেকাৰী পৰিয়ালৰ গৰখীয়া এজনে ফৰিং যোগাৰ কৰিব নোৱৰাত উপায়ন্তৰ হৈ নিজৰ ডিঙিটোকে বলি দিবলৈ পূজাৰীৰ ওচৰত আগবঢ়াই দিলে। সেইমতে পূূজাৰীয়ে গৰখীয়াজনৰ ডিঙিত উলুখেৰৰ পাতেৰে ৰেপ দিবলৈ ধৰাৰ মুহূৰ্ততে গৰখীয়াজনৰ মূৰটো বিচ্ছিন্ন হৈ গ'ল। এই ঘটনা সংঘটিত হোৱাৰ ফলশ্ৰুতিত পূজাৰ মাহাত্ম্যৰ প্ৰতি লক্ষ্য ৰাখি এই পূজা পৌৰাণিক কালৰ পৰা আজিৰ পৰ্যন্ত প্ৰতি বছৰে সমাপন কৰা হৈ আহিছে। সেইকালত গন্ধসৰৈ গছৰ ত'ল পূজা কৰাৰ স্থান হোৱা হেতু আজিও মন্দিৰৰ মূল খুটাটো গন্ধসৰৈ গছৰ পৰা লোৱা হয়, যাৰ কাষত বিধিগত নিয়মানুসৰি সমস্ত উপাসনা কাৰ্য সম্পাদন কৰা হয়। অন্যদিশে, জামু গছৰ ত'ল ওজা গৰখীয়া মাধপুৰুষে বহাৰ স্থান হোৱা হেতুকে পূজাৰীৰ বৰঘৰৰ খুটাটো জামু গছৰ হয়, য'ত পূজাৰ গীত-বাদ্যৰ সঁজুলিসমূহ সমৰ্পণ কৰা হয়। 1

বিৱৰণ

আধ্যাত্মিকতাভিত্তিক এই লেক-পৰম্পৰা তিনিচুকীয়া জিলাৰ ডাঙৰিৰ বৰপথাৰ-নপথাৰ গাঁৱত অৱস্থিত তেওঁলোকৰ স্থায়ী মন্দিৰ প্ৰাঙ্গণত প্ৰতি বছৰে মহা-সমাৰোহেৰে অনুষ্ঠিত হয়। সম্প্ৰতি, অন্য সোণোৱাল অধ্যুষিত অঞ্চলত ইয়াক এদিনীয়াকৈ সমাপন কৰা হয়। এই উৎসৱ শিৱ সম্বন্ধিত তন্ত্ৰস্বভাৱসম্পন্ন আধ্যাত্মিক আচাৰ-আচৰণেৰে সমৃদ্ধ। ইয়াত তেওঁলোকে তেওঁলোকৰ প্ৰাচীন স্তুতিগীত হায়দাং-গীত আৰু হাইদাং-নৃত্য পৰিৱেশনেৰে পূজা-অৰ্চনা কৰাৰ লগতে মাটিৰ উৰ্বৰতা কামনাৰে ৰদৈচিলাক আমন্ত্ৰণ জনাই স্বতঃস্ফূৰ্ট উন্মাদনা আৰু উল্লাস-আনন্দৰে বিহু মাৰি ব'হাগ বিহুৰ আগমনি বা বিহু নমোৱা পৰ্ব সম্পাদন কৰে। এই পূজা/উৎসৱ মৌখিকভাৱে বাগৰি অহা বিভিন্ন কিংবদন্তি, প্ৰবাদ, প্ৰৱচন, লোক-কথা, আখ্যান ইত্যাদিৰ আধাৰতেই পালিত হৈ আহিছে যদিও মূলতঃ ই সৃষ্টিতত্ত্বৰ সৈতে সংপৃক্ত এটি কৃষিভিত্তিক সামাজিক-আধ্যাত্মিক উৎসৱ। কেতবোৰ নিদিষ্ট মুদ্ৰাৰে সৃষ্টিতত্ত্বৰ সাংগীতিক প্ৰকাশ আৰু ময়ূৰ পাখিৰ লয়লাস ভংগীমাৰে আত্মস্থ হৈ পৰিৱেশন কৰা হাইদাং গীত, হাইদাং নৃত্য, বিহু আৰু হুঁচৰিৰ জৰিয়তে শব্দচৈতন্য, ভাৱতৰংগ প্ৰভৃতিৰ সুষম সমন্বয়ত স্বতঃস্ফূৰ্ট ভাৱোন্মাদনাৰ দ্বাৰা ইয়াত শিৱ আৰু পাৰ্বতীক কিৰাত আৰু কিৰাতীৰূপে প্ৰকৃতাৰ্থত পুৰুষ আৰু প্ৰকৃতিক উপাসনা কৰা হয। বিশ্বাস যে এই বিশেষ তান্ত্ৰিক পদ্ধতিৰ প্ৰভাৱত পুৰুষে প্ৰকৃতিৰূপত সক্ৰিয় হৈ বৰদৈচিলাৰূপে ধৰাৰ বুকুলৈ নামি আহে, বসুমতী সেউজ-সুন্দৰ হয়, ধৰণী উৰ্বৰ হয়, সৃষ্টিৰ বীজ অংকুৰিত হয়। উল্লেখনীয় যে ইয়াত প্ৰজননৰ প্ৰতীকৰূপে ময়ূৰ পাখিৰ লয়লাস ভংগীমা আৰু কেতবোৰ নিৰ্দিষ্ট মুদ্ৰাৰে হায়দাং গীত-নৃত্য পৰিবেশন কৰি 'বাইথ' অৰ্থাৎ 'কিৰাত' দেৱতাক স্তুতি জনোৱা হয়। তাৰপাছত পূজাৰীৰ চোতালত যৌৱনোন্মত্ত উৎসাহীসকলৰ দ্বাৰা জীৱৰ স্বভাৱগত প্ৰৱণতা, সেইসমূহৰ দ্বাৰা নিঃসৃত স্বৰধ্বনি আৰু মেঘৰ গাজনি-ঢেৰেকনিৰ সৈতে সামঞ্জস্য ৰাখি পৰিৱেশন কৰা বিহুৰে পৰিৱেশ উত্তাল কৰি তোলা হয়, য’ত ঢোল, তাল, পেঁপা, বাঁহী, সুতুলি, গগনা, টকা ইত্যাদিৰ সমাহাৰ ঘটোৱা হৈছে আৰু সেইসমূহৰ ঐক্যতানৰ সু-সমন্বিত শব্দ তৰংগৰ দ্বাৰা প্ৰকৃতিক জগাই তোলাৰ পৰম্পৰা চলি আহিছে। 1

সোনোৱালসকলৰ হুঁচৰি

সোনোৱালসকলে হুঁচৰি গাওঁতে কোনোকোনো ঠাইত ন-টা আৰু কোনোকোনো ঠাইত তেৰটা গাঁঠি থকা একোডাল বাঁহ চাকবাঁহেৰে (তিনিটা খুটিৰ সমষ্টিগত এটি খুটি) নিৰ্মিত খুটিৰ ওপৰত স্থাপন কৰি হুঁচৰি গায়। এই হুঁচৰিত কেতবোৰ স্বকীয় নিয়মবদ্ধ প্ৰথাৰে নিৰ্দিষ্ট মুদ্ৰাশৈলী আৰু অংগচালনাৰে উল্লসিত স্বৰে ঘৰে ঘৰে গীত পৰিৱেশন কৰি, মন-শৰীৰ-আত্মাৰ একত্ৰীকৰণৰ জৰিয়তে গৃহস্থৰ মঙ্গলাৰ্থে আশীৰ্বাদ বৰিষণ কৰা হয়। ব'হাগ বিহুৰ সৈতে সম্পৃক্ত এই হুঁচৰিৰ সৈতে সোণোৱালসকলৰ মাজত পুৰাণখ্যাত এটি আখ্যান জড়িত আছে, যি আখ্যানমতে বলি ৰজাই বিষ্ণুৰ চলনাত পৰি বামনক ত্ৰি-পদ মাটি দান কৰিবলৈ গৈ পাতালবাসী হ'বলগীয়া হৈছিল। বলি ৰজাক কছাৰীসকলে তেওঁলোকৰ পূৰ্বপুৰুষ বুলি গণ্য কৰে। তেওঁলোকৰ মতে এই পাতালত থকা বলি ৰজাই প্ৰতি 'বিষুৱ' সংক্ৰান্তিত তেওঁৰ সন্তানসকলৰ উদ্দেশ্যে এবাৰ মৰ্ত্য-ভ্ৰমণৰ বাবে আহে। সেয়ে আদিতে এই বিষুব সংক্ৰান্তিতে বিহু উৎসৱ অনুষ্ঠিত হৈছিল বুলি কিছুমানে অনুমান কৰে আৰু এই 'বিষুৱ'ৰ পৰাই 'বিহু' শব্দৰ উৎপত্তি হোৱা বুলি কেনোকোনোৱে ক'ব খোঁজে। "তিনি শ তিনি কুৰি তিনিদিনৰ মূৰত বলি ৰজাৰ বিহু, তাকেহে আমি যুগৰ নিয়তি কৰোঁ.." বুলি বলিৰ সন্তান কছাৰীসকলে বছৰত এবাৰ ঘৰে ঘৰে সূচাই ফুৰে। হুঁচৰি গীতৰ মাংগলিক চৰণ 'বাৰেমন্ত্ৰ'ৰ জৰিয়তে বলিৰ এই আগমনৰ বতৰা গীত-নৃত্যৰ মাধ্যমেৰে এই সূচাই ফুৰা (জাননি দি ফুৰা)-ৰ পৰাই 'হুঁচৰি' শব্দৰ উৎপত্তি হোৱা বুলি সোণোৱালসকলে ভাৱে। হুঁচৰি টকা সহ ঘৰে ঘৰে সূচাই ফুৰা এই হুঁচৰি ব্ৰহ্মাৰ মানসকন্যা সুৱচনী কুঁৱৰীৰ জৰিয়তে মানুহে পোৱা বুলি জনশ্ৰুতি আছে- "কৈলাসৰ শংকৰে. হুঁচৰি সৰজিলে পাৰ্ৱতীয়ে সৰজিলে নাম, সুৱচনী কুৱঁৰীয়ে শদিয়া ৰাজ্যতে মুনিচক দি গ'ল দান.." পূৰ্বতে এই শদিয়াতেই কছাৰীসকলে হালালী ৰাজ্য পাতি বসবাস কৰিছিল। সেয়ে, তেওঁলোকে তেওঁলোকৰ হুঁচৰিত গায় - "হালালী ঐ লালৌ, লালৌ, লালৌ হয়া, হালালী ৰাজ্যতে কৰিছং ধেমালি, ধেমালিৰ বতৰে যায় কি না..। 1

লগতে চাওক

সোণোৱাল কছাৰী বহুৱা নৃত্য 1

The text above is adapted from the Wikipedia article “খ্ৰীং খ্ৰীং বাইথ' পূজা”, available under the Creative Commons Attribution-ShareAlike 4.0 licence. 1

Baith's traditions is indigenous festival in India, according to the structured record cited below. This entry was generated automatically from that record and has not yet been reviewed by a person familiar with the tradition. 2

No recording linked yet — know one? Point at it →
Sourced or Silent · Still Open

Questions awaiting a cited source

+ Answer with a source →
How many people perform it today?
When is it first attested, and by whom?
What does it look like? No licensed photograph yet.