ইষ্ট’নিয়ান লোকনৃত্য (ইংৰাজী: Estonian folk dance) হ’ল এক পৰম্পৰাগত আৰু সাংস্কৃতিকভাৱে স্বকীয় নৃত্যশৈলী যি ইষ্ট’নিয়াৰ উত্তৰ ইউৰোপীয় ঐতিহ্যক প্ৰতিফলিত কৰে। In local script on record, it is written Eesti rahvatants.
Where is Estonian folk dance practised or documented?
Sources on this page place Estonian folk dance in Estonia.
What is the current condition of Estonian folk dance today?
□□□□ (Not yet assessed): Documented in open cultural records, but no cited field assessment of its current vitality has been added here yet.
How do I cite or share this Estonian folk dance entry?
Cite as: "Estonian folk dance." folkroom, https://folkroom.org/art-forms/estonian-folk-dance, text CC BY-SA, with attribution.
ইষ্ট’নিয়ান লোকনৃত্য (ইংৰাজী: Estonian folk dance) হ’ল এক পৰম্পৰাগত আৰু সাংস্কৃতিকভাৱে স্বকীয় নৃত্যশৈলী যি ইষ্ট’নিয়াৰ উত্তৰ ইউৰোপীয় ঐতিহ্যক প্ৰতিফলিত কৰে। ইয়াৰ শান্ত অথচ গতিশীল প্ৰকৃতিৰ বাবে পৰিচিত এই ইষ্ট’নিয়ান লোকনৃত্যত পুনৰাবৃত্তিমূলক গতি আৰু সৰল আৰ্হিৰ সৈতে এক অনন্য বৈচিত্ৰ্যময় মৌলিক খোজৰ সংমিশ্ৰণ ঘটিছে। 1
বিশেষ নৃত্যসমূহ
ইষ্ট’নিয়ান লোকনৃত্য সাধাৰণতে শান্ত, যদিও ইয়াৰ মৌলিক খোজৰ বৈচিত্ৰ্যৰ বাবে ই বিশ্বৰ পৰম্পৰাসমূহৰ মাজত বিশেষ স্থান দখল কৰিছে। ইষ্ট’নিয়ান লোকনৃত্যৰ প্ৰাচীনতম লিখিত অভিলেখ ১২ শতিকাৰ পৰা পোৱা যায়। এই প্ৰাচীন ধৰ্মীয় নৃত্যৰ উপাদানসমূহ বৃত্তাকাৰ আৰু শৃংখলাবদ্ধ নৃত্যত সংৰক্ষিত হৈ আছে, যিবোৰ ইষ্ট’নিয়ান নৃত্য সংস্কৃতিৰ অন্যতম পুৰণি ৰূপ। এই নৃত্যসমূহ মূলতঃ অপশক্তিৰ পৰা ৰক্ষা পাবলৈ কৰা হৈছিল বুলি বিশ্বাস কৰা হয়। ইষ্ট’নিয়ান লোকনৃত্যত অনুকৰণমূলক নৃত্যও অন্তৰ্ভুক্ত আছে, য’ত অংগী-ভংগীৰ জৰিয়তে জন্তু বা বিভিন্ন কাৰ্যকলাপৰ অনুকৰণ কৰা হয়; এই নৃত্যসমূহ ১৯ শতিকালৈকে প্ৰচলিত আছিল যদিও লাহে লাহে ইয়াৰ গুৰুত্ব হ্ৰাস পায়। প্ৰাচীন দলীয় নৃত্যসমূহ আন এক গুৰুত্বপূৰ্ণ ৰূপ, য’ত ঐক্য আৰু সহযোগিতাৰ ওপৰত গুৰুত্ব দিয়া হয়। ইয়াত খোজৰ সমন্বয় আৰু অংশগ্ৰহণ কৰা নৃত্যশিল্পীৰ সংখ্যাৰ ওপৰত বিশেষ চকু দিয়া হয়। 1
নৃত্য উৎসৱ
ইষ্ট’নিয়ান নৃত্য উৎসৱ (Üldtantsupidu) হ’ল দেশখনৰ সৰ্ববৃহৎ লোকনৃত্য উদযাপন, যি পোনপ্ৰথমবাৰৰ বাবে ১৯৩৪ চনত কাদ্ৰিওৰ্গ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। তালিনৰ কালেভি কেন্দ্ৰীয় ষ্টেডিয়ামত প্ৰতি চাৰি বছৰৰ অন্তৰে অন্তৰে অনুষ্ঠিত হোৱা এই উৎসৱত এটা মূল বিষয়বস্তুৰ আধাৰত নিৰ্বাচিত নৃত্যসমূহ প্ৰদৰ্শন কৰা হয় আৰু ইয়াত সকলো বয়সৰ লোকে অংশগ্ৰহণ কৰে। ইয়াত পৰম্পৰাগত লোকনৃত্যৰ পৰা আৰম্ভ কৰি পুৰণি আৰু নতুন শৈলীৰ সংমিশ্ৰণত সৃষ্টি কৰা আধুনিক ব্যাখ্যাৰ নৃত্যলৈকে সকলো প্ৰদৰ্শিত হয়। 1
The text above is adapted from the Wikipedia article “ইষ্ট’নিয়ান লোকনৃত্য”, available under the Creative Commons Attribution-ShareAlike 4.0 licence. 1
Estonian folk dance is folk dance practiced in Estonia and by Estonians, according to the structured record cited below. This entry was generated automatically from that record and has not yet been reviewed by a person familiar with the tradition. 2
The source record links this tradition to 2 external registers, which can be verified through the citation. 2