The tradition & historical record
3 min read · 2 sourcesবিহু অসমৰ জাতীয় উৎসৱ। ব'হাগ বিহু অথবা ৰঙালী বিহুৰ প্ৰথমটো দিন গৰু বিহু হিচাপে পালন কৰা হয়। চ'ত আৰু ব'হাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ এই গৰু বিহু। গৰু বিহুত গাঁৱৰ কৃষকসকলে ঘৰৰ গৰুকেইটাক ওচৰৰ নৈ অথবা জান-জুৰিৰ ঘাটলৈ লৈ গৈ নোৱায়-ধুৱায়। দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই ঘৰৰ গৰুকেইটাৰ দীৰ্ঘায়ু আৰু নশক্তি কামনা কৰে। অসমৰ কৃষিপ্ৰধান সমাজত গৰুৱে পালন কৰি অহা উল্লেখনীয় ভূমিকাৰ প্ৰতি শ্ৰদ্ধা জনাই অসমীয়া সমাজে গৰু বিহু পালন কৰি আহিছে। 1
গৰু বিহুৰ মূল বৈশিষ্ট্য
গৰু বিহুৰ দিনাৰ মূল বৈশিষ্ট্য হ’ল- ঘৰৰ গোহালিৰ গৰুকেইটাৰ মংগল তথা সু-স্বাস্থ্য কামনা কৰা আৰু তাৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা। 1
গৰু বিহুৰ নিয়ম প্ৰথা
গৰু বিহুৰ দিনা ৰাতিপুৱাই উঠি গৰুকেইটাক নদীৰ পাৰলৈ লৈ যোৱা হয় আৰু আটোম-টোকাৰিকৈ গা ধুওৱা হয়। গৰুৰ গা ঘঁহিবৰ বাবে খেৰৰ নুৰা ব্যৱহাৰ কৰা হয়। পানীৰে গা ধুওৱাৰ আগতে গৰুৰ গাত মিঠাতেল আৰু মাহ হালধিৰ মিহি মিশ্ৰণ সানি দিয়া হয়। সেইদিনা গৰুৰ গাত লাউ-বেঙেনা আদি ছটিয়াবলৈ ছাট সজা হয়। গৰুৰ স্নান পৰ্ব শেষ হোৱাৰ পিছতে গৰুৰ নিপোটল এটি শৰীৰ কামনা কৰি গালৈ লাউ, বেঙেনা আদি ছটিওৱা হয়। এইক্ষেত্ৰত অসমবাসীয়ে এনেদৰে গায়- 1
লাউ খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মাৰ সৰু বাপেৰ সৰু, তই হ'বি বৰ বৰ গৰু 1
নৈৰ পাৰৰ এই সমগ্ৰ কৰ্মৰাজিত গাঁৱৰ ডেকা-গাভৰু, শিশু-মহিলা সকলো উপস্থিত থাকে আৰু পৰিবেশটো যথেষ্ট মোহনীয় হৈ পৰে। এই মধুৰ ক্ষণতে দীঘলতি আৰু মাখিয়তীৰে গৰুৰ গাত কোবোৱা প্ৰথাও গৰুবিহুৰে এটা নিয়ম। এইক্ষেত্ৰত অসমবাসীয়ে এনেদৰে গায়- 1
দীঘলতিৰ দীঘল পাত, গৰু কোবাওঁ জাত জাত মাখিয়তীৰ মাখি পাত, মাখি মাৰোঁ জাত জাত 1
ছাট এটিত থকা সকলো লাউ-বেঙেনা গৰুলৈ নামাৰি কিছু অংশ ছাটটিতে ৰখা হয়। নিজৰ ঘৰৰ ছাট ঘৰলৈ ওভোটাই নানি ওচৰ-চুবুৰীয়াৰ সৈতে ছাট, এডাল পঘা আৰু থেকেৰা সলনি কৰাটোও গৰু বিহুৰে এটি নিয়ম। গোহালিৰ কোনোবা এক কোণত ছাটটি সযতনে সংৰক্ষণ কৰা হয়। এই সকলো নিয়মৰ পৰা আজৰি হৈ গৃহস্থই ঘৰলৈ আহি স্নান কৰে। জনপ্ৰবাদ অনুসৰি পথাৰত বা নদীৰ পাৰত গৰুৰ গালৈ মৰা হালধিৰে সেইদিনা গা ধুলে বহুখিনি বেমাৰৰ পৰা হাত সাৰিব পাৰি। সেইদিনা বহু অসমীয়াই ঘৰৰ গৰুকেইটাৰ মংগলৰ অৰ্থে ভগবানৰ ওচৰত মিনতি নিবেদি গোসাঁইঘৰত প্ৰাৰ্থনা জনায়। গাঁৱৰ বুঢ়ামেথাই সেইদিনা নামঘৰত সমবেত হৈ সমজুৱাকৈ শৰাই আগবঢ়ায়। ঘৰৰ সকলো সদস্যই একেলগে বহি চিৰা–দৈৰে এসাজ জলপান খোৱাটো অসমীয়া সমাজৰ এক চিৰাচৰিত নিয়ম। 1
নাহৰ পাতত মন্ত্ৰ লিখি ঘৰৰ দুৱাৰ-খিৰিকীৰ কোণত লগোৱা গৰু বিহুৰ এটা উল্লেখযোগ্য প্ৰথা। জনবিশ্বাস অনুসৰি এনে কৰিলে ধুমুহা, বা-মাৰলিৰ পৰা ঘৰখন ৰক্ষা পৰে। ভগৱান শিৱলৈ প্ৰাৰ্থনা জনাই নাহৰ পাতৰ বিপৰীত অংশত এনেদৰে লিখা হয়, 1
দেৱ দেৱ মহাদেৱ নীলগ্ৰীব জটাধৰ। 1
গৰু বিহুত ব্যৱহৃত শাক-পাছলি
অসমৰ বহু সমাজৰ লোকে গৰু বিহুৰ দিনাই এশ এবিধ শাক-পাছলি একেলগে ৰান্ধি গ্ৰহণ কৰে। অৱশ্যে অসমৰ বহু ঠাইত সাতবিহুৰ দিনাহে এই প্ৰথা প্ৰচলিত হোৱা দেখা যায়। এই ক্ষেত্ৰত ব্যৱহৃত বিভিন্ন শাক-পাছলি তলত উল্লেখ কৰা হ’ল। আজিকালি সকলো শাক-পাচলি বিচাৰি নাপাই যদিও কিছুমান এতিয়াও পোৱা যায়। সেইবোৰ হৈছে- 1
The text above is adapted from the Wikipedia article “গৰু বিহু”, available under the Creative Commons Attribution-ShareAlike 4.0 licence. 1
Goru Bihu is Assamese cow festival, according to the structured record cited below. This entry was generated automatically from that record and has not yet been reviewed by a person familiar with the tradition. 2
The source record links this tradition to 1 external register, which can be verified through the citation. 2