Archival Room Dossier 2 min read · 2 sources
Condition
Not yet sourced Still being documented No source on file assesses this tradition's condition yet. Sourcing Depth
Thinly sourced This page cites 1–4 sources — a start, not yet independent confirmation. Primary Geography Unknown
First Attested Unknown
Practitioners Awaiting cited count
Steward Desk Editorial & Ethnographic Desk
Connected Index & Room Ledger
Understand in 30 Seconds · In Plain Words
Quick guide to Madhuri Anhotor Tolor Bihu Sourced or Silent · CC BY-SA 4.0 মাধুৰী আঁহতৰ তলৰ বিহু (ইংৰাজী: Madhuri Anhotor Tolor Bihu)চতিয়াৰ উহনি পথাৰৰ মুকলি বিহু৷ ১৯১৮ চনৰ পৰাই ধাৰাবাহিকভাবে এই ঠাইত বিহু অনুষ্ঠিত কৰা হৈ আহিছে৷ বিহু অনুষ্ঠানৰ লগতে উহনি পথাৰ আৰু মাধুৰী আঁহতৰ ওতঃপ্ৰোত সম্পৰ্ক আছে৷ শতবৰ্ষ অতিক্ৰম কৰ…
01 · What it is
Living Tradition Documented cultural tradition on record; family classification awaits an editor.
02 · Where & name
Geography awaiting source Add a cited source naming the region or community that carries it.
03 · How it is doing
□□□□ (Not yet assessed) Documented in open cultural records, but no cited field assessment of its current vitality has been added here yet.
04 · Proof & reuse
2 cited sources Every claim links to a public record below. Free to quote, teach, and share under CC BY-SA 4.0.
Chapter Takeaways
উহনি পথাৰ চতিয়াৰ কেন্দ্ৰস্থলৰ পৰা ডেৰ কিলোমিটাৰমান আঁতৰত উহনি পথাৰ৷ এই পথাৰখনৰ নামাকৰণ হয় উহনি পুখুৰীৰ পৰা৷ ইতিহাসমতে, আহোম ৰাজবিষয়া সলাল গোঁহাইক আদৰিবলৈ আলি বন্ধা কামত নিয়োজিত পানীৰ উহত হাতমুখ ধুইছিল, পানী খাইছিল৷ সেই উহটোৰ…
মাধুৰী আঁহত উহনি পথাৰত বাৰেচহৰীয়া ভাওনা থলীত অনুষ্ঠানৰ চিনস্বৰূপে ৰোপন কৰা আঁহত জোপাই “মাধুৰী আঁহত’’৷বাৰেচহৰীয়া ভাওনাৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ লক্ষী পাটগিৰি নামৰ এজন গঞাই এই পুলিটো ৰোপন কৰিছিল৷ পিছলৈ এই আঁহতজোপাক বৰ-আঁহত,…
বিহু মেলা উহনি পথাৰৰ মাধুৰী আঁহতৰ তলতেই চতিয়াৰ বিভিন্ন গাঁৱৰ মহিলাসকলে ১৯১৮ চনত প্ৰথম মুকলি বিহু পাতে৷ পিছলৈ এই বিহুখনেই “সদৌ চতিয়া সাৰ্বজনীন মাধুৰী আঁহতৰ তলৰ মুকলি বিহুমেলা’’ নাম লৈ অনুষ্ঠিত হৈ আহিছে৷ দত্তবৰুৱা এণ্ড কোম্পানীৰ…
The tradition & historical record 2 min read · 2 sources মাধুৰী আঁহতৰ তলৰ বিহু (ইংৰাজী: Madhuri Anhotor Tolor Bihu)চতিয়াৰ উহনি পথাৰৰ মুকলি বিহু৷ ১৯১৮ চনৰ পৰাই ধাৰাবাহিকভাবে এই ঠাইত বিহু অনুষ্ঠিত কৰা হৈ আহিছে৷ বিহু অনুষ্ঠানৰ লগতে উহনি পথাৰ আৰু মাধুৰী আঁহতৰ ওতঃপ্ৰোত সম্পৰ্ক আছে৷ শতবৰ্ষ অতিক্ৰম কৰা এই মুকলি বিহুকেই অসমৰ প্ৰথমখন মুকলি বিহু বুলি বহুতেই মান্যতা দিয়ে৷ 1
উহনি পথাৰ চতিয়াৰ কেন্দ্ৰস্থলৰ পৰা ডেৰ কিলোমিটাৰমান আঁতৰত উহনি পথাৰ৷ এই পথাৰখনৰ নামাকৰণ হয় উহনি পুখুৰীৰ পৰা৷ ইতিহাসমতে, আহোম ৰাজবিষয়া সলাল গোঁহাইক আদৰিবলৈ আলি বন্ধা কামত নিয়োজিত পানীৰ উহত হাতমুখ ধুইছিল, পানী খাইছিল৷ সেই উহটোৰ নামেই উহনি পুখুৰী, য’ৰ পৰা আজিও পানী নিগৰি ওলায়৷ উহনি পুখুৰী পাৰৰ মুকলি পথাৰখনৰ নাম উহনি পথাৰ৷ এই সলাল গোঁহাই বিষয়বাবৰ নামেৰে চতিয়া অঞ্চলৰ এখন গাঁৱৰ নাম “সলাল গাঁও’’ ৰখা হৈছে৷কোনো কোনোৰ মতে, লাচিত বৰফুকনৰ দেহৰক্ষী সুধাই খৰঙী বৰুৱাৰ পো-নাতি খৰঙী বৰুৱাই উহৰ পানীৰে সলাল গোঁহাইৰ ভৰি ধুৱাই, সাতখন খলাৰে হাজাৰী ভাওনাৰ দ্বাৰা আদৰিছিল৷ ফাগুন-চ’তমহীয়াও এই পানীৰ উহ শুকাই নগৈছিল৷ উৰুকাৰ সময়ত উহনি পুখুৰীত চতিয়াৰ জীয়ৰী বোৱাৰীয়ে উমৈহতীয়াকৈ কাপোৰ ধুইছিল৷ ইয়াতে পোনতে বাৰেচহৰীয়া ভাওনা পতা আৰু চতিয়াৰ সকলো গাঁও মিলি ফাকুৱা পাতিছিল৷ 1
মাধুৰী আঁহত উহনি পথাৰত বাৰেচহৰীয়া ভাওনা থলীত অনুষ্ঠানৰ চিনস্বৰূপে ৰোপন কৰা আঁহত জোপাই “মাধুৰী আঁহত’’৷বাৰেচহৰীয়া ভাওনাৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ লক্ষী পাটগিৰি নামৰ এজন গঞাই এই পুলিটো ৰোপন কৰিছিল৷ পিছলৈ এই আঁহতজোপাক বৰ-আঁহত, বুঢ়া-আঁহত নাম দিয়া হৈছিল যদিও শেষত এই প্ৰকাণ্ড আঁহতজোপাক “মাধুৰী আঁহত’’ নাম দিয়া হৈছিল৷ 1
বিহু মেলা উহনি পথাৰৰ মাধুৰী আঁহতৰ তলতেই চতিয়াৰ বিভিন্ন গাঁৱৰ মহিলাসকলে ১৯১৮ চনত প্ৰথম মুকলি বিহু পাতে৷ পিছলৈ এই বিহুখনেই “সদৌ চতিয়া সাৰ্বজনীন মাধুৰী আঁহতৰ তলৰ মুকলি বিহুমেলা’’ নাম লৈ অনুষ্ঠিত হৈ আহিছে৷ দত্তবৰুৱা এণ্ড কোম্পানীৰ বাৰ্ষিক কেলেণ্ডাৰত ব’হাগ মাহৰ প্ৰথম দিনপঞ্জীতে ইয়াৰ উল্লেখ আছে৷