Family unrecorded

Sabha

India

সভা (ইংৰাজী: Sabha) নামনি অসমৰ ঠায়ে ঠায়ে অনুষ্ঠিত একপ্ৰকাৰ ঋতুকালীন উৎসৱ৷ ‘সভা’ শব্দৰ আভিধানিক অৰ্থ হ’ল― একেলগে বা মিলিত হৈ শোভা বৃদ্ধি কৰা। হেমকোষ অভিধান মতে সভাৰ অৰ্থ সমাজ। কোনো কাৰ্য কৰাৰ বাবে লগ লগা লোকৰ মেল।

No licensed photograph yet
Four in five rooms open without one. Add a photograph with a declared licence and your credit sits under it, permanently.
Archival typographic plate · seeded for Sabha+ Add licensed photo →
Understand in 30 Seconds · In Plain Words

Quick guide to Sabha

Sourced or Silent · CC BY-SA 4.0

সভা (ইংৰাজী: Sabha) নামনি অসমৰ ঠায়ে ঠায়ে অনুষ্ঠিত একপ্ৰকাৰ ঋতুকালীন উৎসৱ৷ ‘সভা’ শব্দৰ আভিধানিক অৰ্থ হ’ল― একেলগে বা মিলিত হৈ শোভা বৃদ্ধি কৰা।

01 · What it is
Living Tradition

Documented cultural tradition on record; family classification awaits an editor.

02 · Where & name
India

Placed on record in India.

03 · How it is doing
□□□□ (Not yet assessed)

Documented in open cultural records, but no cited field assessment of its current vitality has been added here yet.

04 · Proof & reuse
2 cited sources

Every claim links to a public record below. Free to quote, teach, and share under CC BY-SA 4.0.

Chapter Takeaways
বিধি`সভা’বোৰ অনুষ্ঠিত কৰাৰ কিছুমান নিৰ্দিষ্ট বিধি আছে৷ সভাৰ পাঁচোটা দিনতেই বেলেগ বেলেগ কাৰ্যসূচী পালন কৰা হয়৷ পাঁচোটা দিনক বেলেগ বেলেগ নামে জনা যায়৷ প্ৰথম দিনটোক “গন্ধ’’, দ্বিতীয় দিনাক “দ্বিতীয় সভা’’, তৃতীয় দিনাক “ভৰ…
উল্লেখযোগ্য সভানামনি অসমৰ পাটাচাৰকুছিৰ “পাটাৰ সভা’’ নামৰ সভাখনেই অসমৰ প্ৰাচীনতম সভা বুলি কোৱা হয়৷ আনুমানিক খ্ৰীষ্টীয় সপ্তদশ শতিকাত “পাটা সত্ৰ’’ স্থাপন কৰোঁতা স্বৰ্গীয় ৰামধন দেৱ মিশ্ৰদেৱৰ মৃত্যুতিথিৰ সোঁৱৰণত চ’ত মাহৰ শুক্লা…
Common Questions Answered on Record
What is Sabha in plain words?

সভা (ইংৰাজী: Sabha) নামনি অসমৰ ঠায়ে ঠায়ে অনুষ্ঠিত একপ্ৰকাৰ ঋতুকালীন উৎসৱ৷ ‘সভা’ শব্দৰ আভিধানিক অৰ্থ হ’ল― একেলগে বা মিলিত হৈ শোভা বৃদ্ধি কৰা।

Where is Sabha practised or documented?

Sources on this page place Sabha in India.

What is the current condition of Sabha today?

□□□□ (Not yet assessed): Documented in open cultural records, but no cited field assessment of its current vitality has been added here yet.

How do I cite or share this Sabha entry?

Cite as: "Sabha." folkroom, https://folkroom.org/art-forms/sabha, text CC BY-SA, with attribution.

Share or cite this roomNo tracking · CC BY-SA 4.0
WhatsAppXLinkedInRedditFacebook

The tradition & historical record

3 min read · 2 sources

সভা (ইংৰাজী: Sabha) নামনি অসমৰ ঠায়ে ঠায়ে অনুষ্ঠিত একপ্ৰকাৰ ঋতুকালীন উৎসৱ৷ ‘সভা’ শব্দৰ আভিধানিক অৰ্থ হ’ল― একেলগে বা মিলিত হৈ শোভা বৃদ্ধি কৰা। হেমকোষ অভিধান মতে সভাৰ অৰ্থ সমাজ। কোনো কাৰ্য কৰাৰ বাবে লগ লগা লোকৰ মেল। সভাৰ প্ৰায় সমাৰ্থক শব্দ এটি হ’ল ‘সবাহ’ যাৰ অৰ্থ অনেক লোক গোট খাই কৰা হৰিকীৰ্ত্তন, নৈবেদ্য আদি দি লোৱা বিষ্ণুৰ নাম। নামনি অসমৰ ঠায়ে ঠায়ে পাঁচদিনীয়াকৈ অনুষ্ঠিত হোৱা এই সভাবোৰ বৰপেটা, নলবাৰীআৰু কামৰূপৰ বিভিন্ন ঠাইত পালন কৰা দেখা যায়৷ উজনি অসমৰ “সবাহ’’ শব্দৰ পৰাই সভা শব্দৰ সৃষ্টি হৈছে বুলি অনুমান কৰিব পাৰি৷অৱশ্যে সভা আৰু সবাহ, কোনটো শব্দ মূল, তাকে লৈ মতদ্বৈধতা আছে৷ শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মীয় আন্দোলনৰ প্ৰভাৱপুষ্ট এই সভাবোৰ উজনিৰ সবাহবোৰৰ লগত বাহ্যিক পাৰ্থক্য থাকিলেও নীতি আৰু আদৰ্শৰ মাজত পাৰ্থক্য নাই৷ অসমীয়া কৃষকে কৃষিকাৰ্য সামৰি মাঘ মাহৰ পৰা চ’ত মাহৰ প্ৰথম পষেকৰ ভিতৰত এই সভাবোৰ অনুষ্ঠিত কৰে বাবে ইয়াক ঋতুকালীন উৎসৱ বুলি কোৱা যায়৷ কোনো কোনো ঠাইৰ “সভা’’ৰ কাৰ্যসূচীত কৃষিৰ লগত জড়িত আচাৰো পালন কৰা হয়৷ 1

বিধি

`সভা’বোৰ অনুষ্ঠিত কৰাৰ কিছুমান নিৰ্দিষ্ট বিধি আছে৷ সভাৰ পাঁচোটা দিনতেই বেলেগ বেলেগ কাৰ্যসূচী পালন কৰা হয়৷ পাঁচোটা দিনক বেলেগ বেলেগ নামে জনা যায়৷ প্ৰথম দিনটোক “গন্ধ’’, দ্বিতীয় দিনাক “দ্বিতীয় সভা’’, তৃতীয় দিনাক “ভৰ সভা’’, চতুৰ্থ দিনাক “চেৰা সভা’’ আৰু পঞ্চম দিনটোক “সভা ভঙাৰ দিন’’ বুলি কোৱা হয়৷ সভা অনুষ্ঠিত কৰিবলৈ এখন ঠাই নিৰ্বাচন কৰি তাক চিকুণাই মসৃণ কৰি, ৰভা দি বিভিন্ন মণ্ডপ সজা হয়৷ সভা উপলক্ষে বিভিন্ন সামগ্ৰীৰ বিপনীও সাজু কৰা হয়৷ সমগ্ৰ চৌহদটোক “সভাৰ খলা’’ নামে জনা যায়৷ “গন্ধ’’ৰ দিনা নামঘৰৰ মণিকুটৰ পৰা বিগ্ৰহ উলিয়াই আনি নুতুনকৈ সজাই তোলা মণ্ডপত স্থাপন কৰা হয়৷ খোল-তাল বজাই নামকীৰ্তন কৰি গাঁৱৰ মাজেৰে শোভাযাত্ৰা কৰা হয়৷ কোনো কোনো ঠাইত বিগ্ৰহ লৈয়েই শোভাযাত্ৰা কৰে৷ ইয়াক ’গোঁসাই উলিওৱা’ বোলে৷ কোনো ঠাইত বিগ্ৰহ মণ্ডপত প্ৰতিষ্ঠা কৰাৰ সলনি পুনৰ মণিকুটত স্থাপন কৰে৷ সন্ধিয়ালৈ কামৰূপী ঢুলীয়াই ঢোল বাদ্য পৰিৱেশন কৰে আৰু চৌপাশে ধূপ-দীপ জ্বলাই নানা আতচবাজীৰ প্ৰদৰ্শন হয়৷ দ্বিতীয় দিনা বিষ্ণুক পূজা কৰিবলৈ হোম পুৰি যজ্ঞ কৰা হয়৷ নাম-কীৰ্তন, ঢুলীয়া প্ৰদৰ্শন, নাগাৰা নাম, ওজাপালি, পুতলা নাচ আদি পৰিৱেশন কৰা হয়৷ সভাৰ আটাইকেইদিনেই এইবোৰ চলি থাকে আৰু ইয়াৰ দ্বাৰাই পৰিৱেশটো উৎসৱমুখৰ হৈ থাকে৷ অনুষ্ঠানসমূহ ’ভৰ সভা’ৰ দিনা বেছি হয় আৰু মানুহৰো সমাগম বাঢ়ে৷ শেষত পুনৰ মণিকুটৰ বিগ্ৰহ থাপনাত স্থাপন কৰি সভাৰ সামৰণি মৰা হয়৷ 1

উল্লেখযোগ্য সভা

নামনি অসমৰ পাটাচাৰকুছিৰ “পাটাৰ সভা’’ নামৰ সভাখনেই অসমৰ প্ৰাচীনতম সভা বুলি কোৱা হয়৷ আনুমানিক খ্ৰীষ্টীয় সপ্তদশ শতিকাত “পাটা সত্ৰ’’ স্থাপন কৰোঁতা স্বৰ্গীয় ৰামধন দেৱ মিশ্ৰদেৱৰ মৃত্যুতিথিৰ সোঁৱৰণত চ’ত মাহৰ শুক্লা দ্বিতীয়া তিথিৰ পৰা এই সভাখন আৰম্ভণি কৰিছিল। বৰ্তমান অৱশ্যে এই সভাৰ অস্তিত্ব বিলুপ্তিৰ গৰাহত। পাটাৰ সভাৰ পিছতেই দ্বিতীয় প্ৰাচীনতম সভা হ’ল নলবাৰী জিলাৰ বালিকৰিয়াৰ মহাপ্ৰভু শ্ৰী শ্ৰী বাসুদেৱ সভা। ১৭৫৬ চনত এই সভাৰ আৰম্ভণি হৈছিল। ইয়াৰ নলবাৰী জিলাৰ মাখিবাহাৰ সভা (১৮৩৫), অবিভক্ত বৰপেটা আৰু বৰ্তমান বজালী জিলাৰ সৰ্থেবাৰীৰ সভা (১৮৪৬), বজালীৰ মাজিউবুঢ়াৰ সভা (১৮৮০), কায়স্থ বুঢ়াৰ সভা (১৮৮২), ৰাণা বুঢ়াৰ সভা (১৮৮৪), কনিমাৰাৰ সভা (১৮৯৩), কায়স্থ বুঢ়াৰ সভা (১৮৯৯), বনগাঁৱৰ সভা (১৯০১) আৰু গাঙাবুঢ়াৰ সভা (১৯০৪) আৰু নলবাৰী জিলাৰ জাগ্ৰাৰ সভা (১৮৯৯) ইত্যাদি শতবৰ্ষ গৰকা সভা৷ এইবোৰৰ উপৰি সোলমাৰী, শিঙিমাৰী, বেলশৰ, ব্যাসকুছি, চেঙা, কমাৰকুছি, ভোজকুছি, চামতা, ক্ষেত্ৰী আদি ঠাইতো বছৰি সভা অনুষ্ঠিত হৈ আছে৷ 1

The text above is adapted from the Wikipedia article “সভা”, available under the Creative Commons Attribution-ShareAlike 4.0 licence. 1

Sabha is Seasonal festivals of Assam, according to the structured record cited below. This entry was generated automatically from that record and has not yet been reviewed by a person familiar with the tradition. 2

No recording linked yet — know one? Point at it →
Sources on Record
[1]Wikipedia: সভা · encyclopedia
Sourced or Silent · Still Open

Questions awaiting a cited source

+ Answer with a source →
How many people perform it today?
When is it first attested, and by whom?
What does it look like? No licensed photograph yet.