The tradition & historical record
4 min read · 2 sourcesআই সবাহ অসমীয়া লোকসকলে অনুষ্ঠিত কৰা উৎসৱ-পাৰ্বন সমূহৰ ভিতৰত এক বিশেষ অনুষ্ঠান। আই সবাহক শীতলা সবাহ বুলিও কোৱা হয়। এই সবাহ সাধাৰণতে এক লোক ৰীতি। যি বসন্ত ৰোগৰ বা আই ওলোৱাৰ সৈতে জড়িত। এই সবাহত অৰ্চনা কৰা দেৱী গৰাকী হ'ল শীতলা। 1
পালনৰ কাৰণ
সাধাৰণতে অসমৰ গাঁও অঞ্চলত এই ৰীতিৰ প্ৰচলন পুৰণিকালৰ পৰাই হৈ আহিছে। কোনো কোনো ঠাইত কোনো কোনো লোকৰ ঘৰত আইসবাহ বছৰেকীয়া কৰ্ম হিচাপেও পালন কৰে। অসমত ফাগুন-চ'ত মাহত পছোৱা বতাহ বয় আৰু ধূলিৰে বায়ুমণ্ডল উপচি পৰে। তাৰ লগে লগেই গ্ৰীষ্মৰো আগমন ঘটে, ধূলি, গৰম আৰু বৰষুণে আৱৰা এই বতৰতেই অসমত বসন্ত ৰোগৰ মানুহৰ শৰীৰত দেখা দিয়ে। বসন্ত ৰোগ আই তথা আদ্যশক্তি গোঁসানীৰ দান, বসন্ত আইৰেই এক ৰূপ-এই বিশ্বাসেৰেই বসন্ত ৰোগৰ ভয়াৱহতাক সাধাৰণ অসমীয়া মানুহে এক স্বৰূপ প্ৰদান কৰি আহিছে। 1
আইৰ প্ৰকাৰ
আধুনিক চিকিত্সা বিজ্ঞানৰ মতে বসন্ত বা আই ঘাইকৈ তিনি বিধ-বৰ আই, মাজু আই আৰু সৰু আই। কিন্তু অসমীয়া লোক বিশ্বাস মতে আই সাত গৰাকী। উজনি অসমত প্ৰচলিত আইনামত আছে- 'উজাইয়ে আহিলে আইৰে সাতেজনী সাতালি পৰ্বত জুৰি।' নামনি অসমত প্ৰচলিতা আই নামত আই দহ গৰাকী অথবা বাৰ গৰাকী-শীতলা আই, তিলেনী আই, পানীমলা, ৰংমলা, বাঁহামুৰী, লাভামুৰী,পানীচমেৰী, ধনমালা, মৰুৱা, কাহুৰী, কেটেৰী, হাগুৰী। 1
ৰীতি-নীতি
অসমীয়া মানুহৰ ঘৰৰ কোনোবাজনৰ আই দেখা দিলেই গোটেই ঘৰৰ লোক সকল সজাগ হয়। লগে লগে ঘৰত তাঁতবোৱা, ঢেঁকী দিয়া,ঘৰত বেচি চিঞৰ বাখৰ কৰা, নাচ-গান, হুলস্থূল কৰা আদি নিষেধ কৰি আইৰ প্ৰতি শ্ৰদ্ধা ভক্তি আৰু সমীহ কৰা হয়। পদূলি-চোতাল সাৰি-মচি, ঘৰ-দুৱাৰ মচি-কাচি ৰোগীৰ শয্যাত ধোৱা পৰিষ্কাৰ কাপোৰ পাৰি দিয়া হয়। সেই শয্যাত মাহনিমৰ পাত ৰখাও নিয়ম। শোটা, বাঢ়নী, মেখেলা, চুৰিয়া আদি চুৱা হাতেৰে আই ওলোৱাজনক কেতিয়াও স্পৰ্শ কৰিব নাপায়- তেনে ভুল হলে আইৰ দোষ লাগি ঘাটি লাগে বুলি ভৱা হয়। গোটেই ঘৰ ধূপ-ধূণাৰ গোন্ধৰে আমোলমোলাই ৰাখিব লাগে। ৰোগীৰ শয্যাৰ কাষত আগলি কলাপাতৰ ওপৰত ৰখা শৰাই বা বটা এখনত তগৰ, খৰিকাজাই, গোলাপ আদি বগা ফুল সজাই থব লাগে। ওচৰতে এখন সৰু তামোলী পীৰা বগা কাপোৰেৰে সজাই আসন পাতি তাৰ ওপৰত ঘট এটিত এঘট পানী আৰু আমপাত দি, ঘটত এঁৱাসূতা আৰু সেন্দূৰৰ ফোট দি থোৱা নিয়ম আছে। ওচৰতে এগছ মিঠাতেলৰ বন্তি আৰু থুৰীয়া তামোল ৰাখিব লাগে। এই আসন আই নোযোৱা পৰ্যন্ত অৰ্থাত্ ঘৰত আই শেষ নোহোৱালৈকে ভাঙিব নেপায়। পুৱা-গধূলি এই আসনৰ ওচৰতে পুথি পঢ়িব বা নাম গাব লাগে। আই দেখা দিয়াৰ লগে লগেই ঘৰৰ মূল এগৰাকী মানুহে গা ধুই শুদ্ধ বস্ত্ৰ পিন্ধি অথবা তিতা কাপোৰেৰে গোসাঁই ঠাই মচি, গৰু ঘিঁউ বা মিঠাতেলৰ বন্তি এগছি জ্বলাই আগগুৰি কটা তামোল-পাণ আৰু পইচা আঠ অনা বা এটকা টোপোলা বান্ধি আইলৈ বুলি আগবঢ়াই মনতে আই সমবাহ বা শীতলা পূজা কৰিম বুলি সঙ্কল্প কৰে আৰু আই সুপ্ৰসন্না হৈ সন্তানক দয়া কৰি যাব লাগে বুলি প্ৰাৰ্থনা জনাই সেই টোপোলা গোসাঁই থপনাত থৈ দিয়ে। শীতলা পানী বা শীতলাৰ দোল জাৰি দিব জনা মানুহৰ হতুৱাই জাৰি আনি ৰোগীৰ গাত দিলে ৰোগীয়ে শান্তি অনুভব কৰে। শীতলা মন্ত্ৰৰে জাৰি দিয়া পানী ৰোগীৰ মূৰৰ পৰা তললৈ সময়ে সময়ে সানি দিলে গা শীতল পৰে আৰু আই সন্তুষ্ট হয়। আই কমিলে শীতলা মন্ত্ৰপূত কৰ্পূৰ মিহলি নাৰিকল তেল সানি দিলে আইৰ চোকোৰা সোনকালে, দুখ নিদিয়াকৈ, বেছি খজুৱতি নোহোৱাকৈ সৰি পৰে। শীতলা পূজা কৰিম বুলি মনত ভাবিলে সেই পূজা পুৰোহিতৰ দ্বাৰা মন্দিৰত, আইথানত বা ঘৰতে পতা হয়। এই পূজা সাধাৰণতে পুৱাবেলাহে পাতে। 1
আইনাম
আই সবাহৰ প্ৰধান আকৰ্ষণ হৈছে আইনাম সমূহ। এই আইনাম সমূহ পূৰ্বৰ পৰা মানুহৰ মুখে মুখে চলি অহা কিছুমান গীত। বৰ্তমান এই গীত সমূহক চপা আকাৰত প্ৰকাশ কৰা হৈছে। সবাহলৈ অহা গোপিনী সকলে সমস্বৰে এই আই নাম সমূহ গাই- 1
যেই বস্তু দিওঁ মাতৃ সেই বস্তু চুৱা। আপোনাৰ নামে মাতৃ আপুনি সন্তোষ হোৱা। দুখীয়াৰ পুতলা আয়ে তুলি দিলে। আইৰ মন দয়ালী নাই আইৰ নাম শীতলা দুখীয়াৰ পুতলা দি যোঁৱা বুকু জুৰাই। আই বা শীতলা দেৱীৰ সাত বাই-ভনীৰ আগমনত ভক্ত বা নামতীসকলৰ কল্পনাত প্ৰকৃতিৰ পৰিৱৰ্তন আৰু সৌন্দৰ্য পৰিস্ফূত হয়। ইয়াত আয়তীসকলৰ আত্মসমৰ্পণৰ ভাৱ, ভক্তি প্ৰকাশ পাই। 1
উজাই আহিলে আইৰ সাতৈ ভনী সাতালি পৰবেত জুৰি তৰু-তৃণলতা সবে দোঁৱাই মাথা আই আহিবৰে শুনি॥ সোণৰে চকৰি, উৰে জাকি মাৰি, ৰূপৰে দুখনি পাখি। চহৰ ফুৰিবলৈ আইলোক আহিছে জীৱদান মাগিছে আমি॥ নাজানি সোমালো, আইৰ ফুলেবাৰী, নিচিনি চিঙিলোঁ কলি ইবাৰৰ দোষকে ক্ষমিবা গোসানী মাতা চৰণত ধৰি॥ দুখীয়াৰ ঘৰলৈ আইলোক আহিছে, দিবলৈ নাই যে একো। মূৰৰে কেশেৰে পাৱ মলচিম, দেহৰে পাৰি দিম সাঁকো। যি অনুষ্ঠানসমূহক ভেটি কৰি এই গীতবোৰ ৰচিত হৈছে সেই অনুষ্ঠানবোৰ প্ৰাচীন হলেও মুখে মুখে আহি গীতবোৰৰ ভাষা আধুনিক হৈছে। আইনামসমূহৰ মাজত পিছলাৰ ঘাট, ফুলবাৰীৰ দেওঘৰ আদিৰ নাম সততে উল্লেখ পোৱা যায়। পিছলা নৈৰ পাৰৰ কথা দেৱীমন্দিৰৰ কথা ৱেড চাহাবেও উল্লেখ কৰি থৈ গৈছে। উত্তৰ লখিমপুৰৰ এই পিছলা নৈ আৰু ফুলবাৰী থানত এসময়ত আই পূজাৰ কেন্দ্ৰস্থল আছিল। 1
The text above is adapted from the Wikipedia article “আই সবাহ”, available under the Creative Commons Attribution-ShareAlike 4.0 licence. 1
Aai Sabah is folk custom of Assam, according to the structured record cited below. This entry was generated automatically from that record and has not yet been reviewed by a person familiar with the tradition. 2





